ছূৰা 16 · জুজ 14

An-Nahl · 16:31

جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ لَهُمْ فِيهَا مَا يَشَاءُونَ ۚ كَذَٰلِكَ يَجْزِي اللَّهُ الْمُتَّقِينَ

য’ত তেওঁলোক প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰষ্কৃত কৰে,

তাফছীৰ

তেওঁলোকে প্ৰতিষ্ঠিত জান্নাতত চিৰকালৰ বাবে প্ৰৱেশ কৰিব। যাৰ অট্টালিকা আৰু বৃক্ষসমূহৰ তলদেশত নৈ নিজৰা প্ৰবামান থাকিব। তাত তেওঁলোকে পানাহাৰৰ বাবে সেই সকলো প্ৰকাৰ খাদ্য উপলব্ধ পাব, যিবোৰ তেওঁলোকে ইচ্ছা কৰিব। এইটো প্ৰতিদানেই দিব মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ মুত্তাক্বী ব্যক্তিসকলক, এইদৰে পূৰ্বৱৰ্তী উম্মতৰ মুত্তাক্বী সকলকো অনুৰূপ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক