ছূৰা 16 · জুজ 14
An-Nahl · 16:104
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِآيَاتِ اللَّهِ لَا يَهْدِيهِمُ اللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহৰ তৰফৰ অৱতীৰ্ণ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতে যেতিয়ালৈকে এই অভ্যাস পৰিত্যাগ নকৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰিব। আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহ অস্বীকাৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক