ছূৰা 16 · জুজ 14
An-Nahl · 16:103
وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُ بَشَرٌ ۗ لِسَانُ الَّذِي يُلْحِدُونَ إِلَيْهِ أَعْجَمِيٌّ وَهَٰذَا لِسَانٌ عَرَبِيٌّ مُبِينٌ
আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।
তাফছীৰ
আমি জানো মুশ্বৰিকসকলে কয়ঃ কোনোবা এজন ব্যক্তিয়ে মুহাম্মদক কোৰআন শিকায়, অথচ সিহঁতৰ এই দাবী মিছা। কিয়নো সিহঁতে যিজন ব্যক্তি সম্পৰ্কে সন্দেহ কৰি আছে যিয়ে তেওঁক কোৰআন শিকায়, তেওঁ হৈছে এজন অনাৰবীয়ান। আনহাতে এই কোৰআন স্পষ্ট তথা উৎকৃষ্ট আৰবী ভাষাত অৱতীৰ্ণ। তেনেস্থলত সিহঁতে কেনেকৈ ধাৰণা কৰে যে, ইয়াক কোনো অনাৰবীয়ান ব্যক্তিৰ পৰা শিকা হৈছে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক