ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:8
اللَّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنْثَىٰ وَمَا تَغِيضُ الْأَرْحَامُ وَمَا تَزْدَادُ ۖ وَكُلُّ شَيْءٍ عِنْدَهُ بِمِقْدَارٍ
প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।
তাফছীৰ
প্ৰত্যেক নাৰীয়ে (মাইকী জীৱ-জন্তুও ইয়াৰ অন্তৰ্ভুক্ত) নিজৰ পেটত যি ধাৰণ কৰে, আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলো তথ্য জানে। তথা গৰ্ভাশয়ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থতা তথা বেমাৰ-আজাৰ যিয়েই নহওঁক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তুৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক