ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:42

وَقَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَلِلَّهِ الْمَكْرُ جَمِيعًا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ۗ وَسَيَعْلَمُ الْكُفَّارُ لِمَنْ عُقْبَى الدَّارِ

সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ ইখতিয়াৰত। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ জানে, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।

তাফছীৰ

পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহেও নিজ নিজ নবীসকলৰ লগত ষড়যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ লগত ষড়যন্ত্ৰ কৰি সিহঁতে কি লাভ পালে? একো পোৱা নাই। কিয়নো প্ৰকৃত কৌশলকাৰী হৈছে আল্লাহ তাআলা, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টিৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। এটা সময়ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁলোকে জান্নাত আৰু উৎকৃষ্ট পৰিণাম লাভ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক