ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:41
أَوَلَمْ يَرَوْا أَنَّا نَأْتِي الْأَرْضَ نَنْقُصُهَا مِنْ أَطْرَافِهَا ۚ وَاللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِ ۚ وَهُوَ سَرِيعُ الْحِسَابِ
সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্দ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।
তাফছীৰ
কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয়তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয়তে কুফুৰী জগতখনক কেউফালৰ পৰা সংকুচিত কৰি আনিছো, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয়চলা কৰে তথা আদেশ দিয়ে। তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্তন কৰিবলৈ নাইবা বিকৃত কৰিব পৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰ পৰা অন্তলৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক