ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:30
كَذَٰلِكَ أَرْسَلْنَاكَ فِي أُمَّةٍ قَدْ خَلَتْ مِنْ قَبْلِهَا أُمَمٌ لِتَتْلُوَ عَلَيْهِمُ الَّذِي أَوْحَيْنَا إِلَيْكَ وَهُمْ يَكْفُرُونَ بِالرَّحْمَٰنِ ۚ قُلْ هُوَ رَبِّي لَا إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ
এইদৰে আমি তোমাক প্ৰেৰণ কৰিছো এনে এটা জাতিৰ প্ৰতি যিহঁতৰ আগত বহু জাতি পাৰ হৈছে, যাতে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ ৰব, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
তাফছীৰ
যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো, ঠিক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো, যাতে আপুনি সিহঁতক কোৰআন শুনায়, যিটো আমি আপোনাৰ প্ৰতি অহী কৰিছো। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে ইয়ে যথেষ্ট। কিন্তু আপোনাৰ সম্প্ৰদায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয়নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তেৱেঁই মোৰ প্ৰতিপালক, যি ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰত ভৰসা কৰো, আৰু তেওঁৰ ওচৰতেই তাওবা কৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক