ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:18

لِلَّذِينَ اسْتَجَابُوا لِرَبِّهِمُ الْحُسْنَىٰ ۚ وَالَّذِينَ لَمْ يَسْتَجِيبُوا لَهُ لَوْ أَنَّ لَهُمْ مَا فِي الْأَرْضِ جَمِيعًا وَمِثْلَهُ مَعَهُ لَافْتَدَوْا بِهِ ۚ أُولَٰئِكَ لَهُمْ سُوءُ الْحِسَابِ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمِهَادُ

যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপ দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

তাফছীৰ

সেইসকল মুমিনৰ বাবে আছে উত্তম প্ৰতিদান অৰ্থাৎ জান্নাত, যিসকলক তাওহীদ আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰাত তেওঁলোকে স্বীকাৰ কৰিছে। আনহাতে কাফিৰসকল, যিসকলে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ আহ্বানক স্বীকাৰ কৰা নাই, সিহঁত যদি পৃথিৱীৰ সকলো সম্পদৰ মালিক হয়, লগতে সেই সম্পদৰ অনুৰূপ অতিৰিক্ত আৰু অধিক সম্পদ সিহঁতক দিয়া হয়, এই সকলো সম্পদ সিহঁতে আল্লাহক প্ৰদান কৰি হ'লেও সিহঁতে নিজকে শাস্তিৰ পৰা ৰক্ষা পাবলৈ ব্যৰ্থ চেষ্টা কৰিব। তেওঁৰ আহ্বান স্বীকাৰ নকৰা এইসকল ব্যক্তিৰ পৰা সিহঁতৰ প্ৰত্যেক গুনাহৰ হিচাপ লোৱা হ'ব। সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম। সিহঁতৰ ঠিকনা তথা বিছনা হ'ব জুইৰ দ্বাৰা নিৰ্মিত, আৰু সেই ঠিকনা কিমান যে নিকৃষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক