ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:17

أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ

তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা উপৰি ভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেয়া মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।

তাফছীৰ

অসত্যৰ পতন আৰু সত্য প্ৰতিষ্ঠা সম্পৰ্কে আল্লাহে বৰষুণৰ উদাহৰণ প্ৰদান কৰি কৈছেঃ যেনে- আকাশৰ পৰা পানী বৰ্ষণ হ'ল আৰু নৈ, বিল, হ্ৰদ আদি ভৰি পৰিল, সৰু ডাঙৰ নিজ নিজ আকাৰ অনুযায়ী সকলো প্ৰবাহিত হ'ল। এতেকে পানীৰ সোঁতত সৃষ্টি হোৱা ফেন ফুটুকাবোৰ পানীৰ ওপৰত ভাঁহিবলৈ ধৰিলে। আল্লাহে সত্য অসত্যৰ আৰু এটা উদাহৰণ দিছে, যেনে- বহুমূল্য ধাতুবোৰ মানুহৰ সৌন্দৰ্যৰ বাবে অলংকাৰ বনাবলৈ জুইৰ জৰিয়তে গলোৱা হয়, ফলত তাত থকা ময়লা আৱৰ্জনাবোৰ ওপৰত ভাঁহি উঠে। এই দুয়োটা উদাহৰণৰ জৰিয়তে আল্লাহে সত্য আৰু অসত্যৰ পাৰ্থক্য বুজাইছে। দৰাচলতে অসত্য হৈছে পানীৰ ওপৰত ভাঁহি থকা ফেন ফুটুকা তথা অলংকাৰ বনাবলৈ গলোৱা ধাতুৰ ওপৰত ভাঁহি উঠা ময়লা আৱৰ্জনাৰ দৰে। আনহাতে সত্য হৈছে সেই নিৰ্মল পানীৰ দৰে যিটো খোৱাৰ উপযোগী, তথা যি পানীৰ জৰিয়তে ঘাঁহ বন আৰু ফলমূল উৎপন্ন হয়। তথা সেই মূল্যৱান ধাতুৰ দৰে, যিটোক উষ্ণতাৰ জৰিয়তে উত্তপ্ত কৰি ময়লা আৱৰ্জনা দূৰ কৰা হৈছে, আৰু মানুহৰ উপকাৰত আহে। এই দুয়োটা উদাহৰণৰ দৰেই আল্লাহে অন্যান্য উদাহৰণো দাঙি ধৰে, যাতে সত্য আৰু অসত্য স্পষ্ট হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক