ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:10
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
তাফছীৰ
তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্নস্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানুহৰ দৃষ্টিৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানুহক দেখুৱাই কৰা কাম দুয়োটাই তেওঁৰ বাবে সমান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক