ছূৰা 12 · জুজ 12
Yusuf · 12:6
وَكَذَٰلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِنْ تَأْوِيلِ الْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُ عَلَيْكَ وَعَلَىٰ آلِ يَعْقُوبَ كَمَا أَتَمَّهَا عَلَىٰ أَبَوَيْكَ مِنْ قَبْلُ إِبْرَاهِيمَ وَإِسْحَاقَ ۚ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٌ
আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ ৰব সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
হে ইউছুফ! যিদৰে তুমি সপোন দেখিছা, সেইদৰেই তোমাৰ প্ৰতিপালকে তোমাক নিৰ্বাচিত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিকাব। আৰু তোমাক নুবুওৱত প্ৰদান কৰি তোমাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব। যিদৰে তেওঁ তোমাৰ পূৰ্বে তোমাৰ পিতৃপুৰুষ ইব্ৰাহীম আৰু ইছহাকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ কৰিছিল। নিশ্চয় তোমাৰ প্ৰতিপালক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। আৰু পৰিচালনাত প্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক