ছূৰা 12 · জুজ 12
Yusuf · 12:5
قَالَ يَا بُنَيَّ لَا تَقْصُصْ رُؤْيَاكَ عَلَىٰ إِخْوَتِكَ فَيَكِيدُوا لَكَ كَيْدًا ۖ إِنَّ الشَّيْطَانَ لِلْإِنْسَانِ عَدُوٌّ مُبِينٌ
তেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু’।
তাফছীৰ
ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰ ইউছুফক ক'লেঃ হে মোৰ মৰমৰ পুত্ৰ! তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা। অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব। ফলত সিহঁতে বিদ্বেষত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক