ছূৰা 12 · জুজ 13
Yusuf · 12:110
حَتَّىٰ إِذَا اسْتَيْأَسَ الرُّسُلُ وَظَنُّوا أَنَّهُمْ قَدْ كُذِبُوا جَاءَهُمْ نَصْرُنَا فَنُجِّيَ مَنْ نَشَاءُ ۖ وَلَا يُرَدُّ بَأْسُنَا عَنِ الْقَوْمِ الْمُجْرِمِينَ
অৱশেষত যেতিয়া ৰাছুলসকল (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰত আমাৰ সাহায্য আহি পালে। এইদৰে আমি যাক ইচ্ছা কৰো সি নাজাত পায়। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি প্ৰতিৰোধ কৰা নহয়।
তাফছীৰ
আমি প্ৰেৰণ কৰা ৰাছুলসকলৰ শত্ৰুসকলক অৱকাশ দি থাকো, সেই কাৰণেই আমি সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰো। এতেকে যেতিয়া সিহঁতৰ বিনাশ কাৰ্যত পলম হয়, আনকি ৰাছুলসকলেও সিহঁতৰ বিনাশৰ পৰা নিৰাশ হয়, ইপিনে কাফিৰসকলেও পূৰ্ণ বিশ্বাসত উপনীত হয় যে, ৰাছুলে অস্বীকাৰকাৰী সকলক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু মুমিনসকলক মুক্তিৰ যি অঙ্গীকাৰ দিছিল সেয়া আছিল মিছা দাবী, তেতিয়াই ৰাছুলৰ ওচৰত আমাৰ সহায় আহি পৰে, ফলত ৰাছুলক আৰু মুমিনসকলক সেই বিনাশৰ পৰা ৰক্ষা কৰা হয়। আমাৰ শাস্তি যেতিয়া অপৰাধীৰ ওপৰত অৱতীৰ্ণ হয় সেয়া কেতিয়াও প্ৰতিৰোধ কৰা সম্ভৱ নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক