ছূৰা 12 · জুজ 13
Yusuf · 12:109
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ مِنْ أَهْلِ الْقُرَىٰ ۗ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۗ وَلَدَارُ الْآخِرَةِ خَيْرٌ لِلَّذِينَ اتَّقَوْا ۗ أَفَلَا تَعْقِلُونَ
আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰিছিলো, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলো। ইহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? আৰু অৱশ্যে যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে বুজি নোপোৱা নে?
তাফছীৰ
হে নবী! আপোনাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকহে নবী হিচাপে প্ৰেৰণ কৰিছিলো, ফিৰিস্তাসকলক নহয়। তেওঁলোকৰ পিনে অহী কৰিছিলো যিদৰে আপোনাৰ পিনে অহী কৰো। তেওঁলোক নগৰৰেই অধিবাসী আছিল, গাওঁলীয়া নহয়। তেওঁলোকৰ সম্প্ৰদায়সমূহে তেওঁলোকক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰি দিছিলো। আপোনাক অস্বীকাৰকাৰী সকলে পৃথিৱীত চলাফুৰা নকৰে নেকি, যাতে দেখা পায় যে, পুৰ্বৱৰ্তী লোকসকলৰ কেনেকুৱা পৰিণাম হৈছিল আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰিলেহেঁতেন? আখিৰাতৰ নিয়ামতসমূহ সেইসকল লোকৰ বাবে কল্যাণকৰ যিসকলে পৃথিৱীত আল্লাহক ভয় কৰে। তোমালোকে বুজি নোপোৱা নেকি যে, আল্লাহৰ মহান আদেশৰ প্ৰতি আমল কৰাৰ নিমিত্তে ঈমান পোষণ কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা অৰ্থাৎ শ্বিৰ্কৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰাটো হৈছে কল্যাণকৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক