ছূৰা 11 · জুজ 12

Hud · 11:94

وَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا شُعَيْبًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَأَخَذَتِ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ

আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।

তাফছীৰ

যেতিয়া ছোআইব সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি আমাৰ কৃপাত ছোআইব আৰু তেওঁৰ লগত ঈমান পোষণ কৰা লোকসকলক তাৰ পৰা ৰক্ষা কৰিলো। আৰু তেওঁ সম্প্ৰদায়ৰ অন্যায়কাৰীবিলাকক প্ৰচণ্ড শব্দই ধ্বংস কৰিলে, ফলত সিহঁত লগে লগে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি খাই পৰিছিল যে, সিহঁতৰ চেহেৰা মাটিৰে লুতুৰি-পুতুৰি হৈ আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক