ছূৰা 11 · জুজ 12
Hud · 11:93
وَيَا قَوْمِ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنِّي عَامِلٌ ۖ سَوْفَ تَعْلَمُونَ مَنْ يَأْتِيهِ عَذَابٌ يُخْزِيهِ وَمَنْ هُوَ كَاذِبٌ ۖ وَارْتَقِبُوا إِنِّي مَعَكُمْ رَقِيبٌ
‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন মিছলীয়া; আৰু তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।
তাফছীৰ
হে মোৰ জাতিৰ লোকসকল! তোমালোকে নিজ নিজ সামৰ্থ অনুযায়ী নিজৰ পছন্দৰ পথত কৰ্ম কৰা। নিশ্চয় ময়ো মোৰ সামৰ্থ অনুযায়ী মোৰ পছন্দৰ পথত আমল কৰি আছো। তোমালোকে অতি শীঘ্ৰেই জানিব পাৰিবা আমাৰ মাজত কাৰ ওচৰত লাঞ্ছনাকাৰী শাস্তি আহে আৰু কোন নিজৰ দাবীত মিছলীয়া। এতেকে আল্লাহৰ আদেশলৈ অপেক্ষা কৰা। নিশ্চয় ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক