ছূৰা 11 · জুজ 12

Hud · 11:85

وَيَا قَوْمِ أَوْفُوا الْمِكْيَالَ وَالْمِيزَانَ بِالْقِسْطِ ۖ وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ

‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায় সঙ্গতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

তাফছীৰ

আৰু হে মোৰ জাতি ভাইসকল! যেতিয়া তোমালোকে কিবা বস্তু জুখি অথবা ওজন কৰি দিয়া, তেতিয়া সেয়া ন্যায়ৰ সৈতে পৰিপূৰ্ণভাৱে প্ৰদান কৰিবা। আনহাতে ওজনত কম তুলি প্ৰৱঞ্চনা কৰি তথা মানুহক ঠগাই সিহঁতৰ অধিকাৰ খৰ্ব নকৰিবা। লগতে হত্যাৰ দৰে গুনাহত লিপ্ত হৈ পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক