ছূৰা 11 · জুজ 12

Hud · 11:84

۞ وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ وَلَا تَنْقُصُوا الْمِكْيَالَ وَالْمِيزَانَ ۚ إِنِّي أَرَاكُمْ بِخَيْرٍ وَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ مُحِيطٍ

আৰু মাদিয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুআইবক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক কল্যাণৰ মাজত দেখিছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছো’।

তাফছীৰ

আৰু আমি মাদিয়ানবাসীসকলৰ ওচৰত সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। যেতিয়া তোমালোকে মানুহক কিবা বস্তু ওজন কৰি অথবা জুখি দিয়া, তেতিয়া তাত কোনো ধৰণৰ অন্যায় নকৰিবা বা কম নিদিবা। মই দেখি আছোঁ তোমালোকে যথেষ্ট নিয়ামত উপভোগ কৰি আছা। এতেকে আল্লাহৰ এই নিয়ামতক গুনাহত পৰিণত নকৰিবা। মই তোমালোকৰ প্ৰতি সেই পৰিবেষ্টিত দিৱসৰ শাস্তিৰ আশংকা কৰোঁ, যেতিয়া তোমালোকৰ প্ৰত্যেক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাত পলায়ন কৰাৰ অথবা আশ্ৰয় লোৱাৰ কোনো স্থান নাথাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক