ছূৰা 11 · জুজ 12
Hud · 11:78
وَجَاءَهُ قَوْمُهُ يُهْرَعُونَ إِلَيْهِ وَمِنْ قَبْلُ كَانُوا يَعْمَلُونَ السَّيِّئَاتِ ۚ قَالَ يَا قَوْمِ هَٰؤُلَاءِ بَنَاتِي هُنَّ أَطْهَرُ لَكُمْ ۖ فَاتَّقُوا اللَّهَ وَلَا تُخْزُونِ فِي ضَيْفِي ۖ أَلَيْسَ مِنْكُمْ رَجُلٌ رَشِيدٌ
আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওচৰত উদভ্ৰান্ত হৈ গুচি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতেহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত এজনো সাধু ব্যক্তি নাইনে’?
তাফছীৰ
ইপিনে লূত সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ অতিথিসকলৰ লগত কুকৰ্ম কৰিবলৈ দৌৰি আহিল, ইতিপূৰ্বেও সিহঁত এই বেয়া অভ্যাসত লিপ্ত আছিল যে, স্ত্ৰীক এৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল। লূত আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাবলৈ আৰু অতিথিসকলৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি ক'লেঃ চোৱা! নাৰীসকলৰ মাজত এয়া মোৰ ছোৱালীসকলো আছে, তোমালোকে এওঁলোকক বিবাহ কৰোৱা। নিশ্চয় তোমালোকৰ বাবে এয়া বেয়া কৰ্মৰ তুলনাত অধিক পৱিত্ৰ। এতেকে তোমালোকে আল্লাহক ভয় কৰা। আৰু মোৰ অতিথিসকলৰ ক্ষেত্ৰত মোক অপমান নকৰিবা। হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ মাজত কোনো বিবেকৱান লোক নাই নেকি, যিয়ে তোমালোকক এই কুকৰ্মৰ পৰা বিৰত ৰাখিব?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক