ছূৰা 11 · জুজ 12
Hud · 11:76
يَا إِبْرَاهِيمُ أَعْرِضْ عَنْ هَٰذَا ۖ إِنَّهُ قَدْ جَاءَ أَمْرُ رَبِّكَ ۖ وَإِنَّهُمْ آتِيهِمْ عَذَابٌ غَيْرُ مَرْدُودٍ
হে ইব্ৰাহীম! তুমি ইয়াৰ পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব শাস্তি যিটো অনিবাৰ্য।
তাফছীৰ
ফিৰিস্তাসকলে ক'লেঃ হে ইব্ৰাহীম! লূত আলাইহিছ ছালামৰ জাতিৰ বিষয়ে বিতৰ্ক এৰক। নিশ্চয় আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আদেশ আহিছে, আৰু সেই শাস্তি অৱশ্যে সিহঁতৰ ওপৰত অৱধাৰিত হ'ব যিটো সিহঁতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে লূত সম্প্ৰদায়ৰ ওপৰত মহাশাস্তিৰ আগমন ঘটিব। এতেকে সেই শাস্তি প্ৰাৰ্থনাৰ জৰিয়তেও আঁতৰ নহ'ব আৰু কোনো আবেদন অনুৰোধৰ দ্বাৰাও নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক