ছূৰা 11 · জুজ 12

Hud · 11:66

فَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا صَالِحًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَمِنْ خِزْيِ يَوْمِئِذٍ ۗ إِنَّ رَبَّكَ هُوَ الْقَوِيُّ الْعَزِيزُ

ফলত যেতিয়া আমাৰ নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ ৰব, তেওঁ মহা শক্তিমান, মহাপৰাক্ৰমশালী।

তাফছীৰ

ইয়াৰ পিছত যেতিয়া সিহঁতক ধ্বংসকাৰী আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি ছলেহ আলাইহিছ ছালামক আৰু তেওঁৰ সৈতে ঈমান পোষণ কৰা লোকসকলক নিজ কৃপাত সুৰক্ষা প্ৰদান কৰিলো আৰু তেওঁলোকক সেই দিৱসৰ অপমান আৰু লাঞ্ছনাৰ পৰা ৰক্ষা কৰিলো। দৰাচলতে হে ৰাছুল! নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহাপৰাক্ৰমশালী আৰু প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেই কাৰণেই তেওঁ মিছলীয়া সম্প্ৰদায়ক ধ্বংস কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক