ছূৰা 11 · জুজ 12

Hud · 11:6

۞ وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّ فِي كِتَابٍ مُبِينٍ

আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।

তাফছীৰ

পৃথিৱীত চলাচল কৰা প্ৰত্যেক প্ৰাণীৰ জীৱিকাৰ দায়িত্ব স্বয়ং আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত বহন কৰিছে। পৱিত্ৰ আল্লাহে সিহঁতৰ পৃথিৱীত থকা বাসস্থান সম্পৰ্কেও অৱগত, আৰু সিহঁতৰ সেই ঠাই সম্পৰ্কেও অৱগত, যত সিহঁতে মৃত্যুবৰণ কৰিব। এইদৰে সকলো প্ৰাণী আৰু সিহঁতৰ জীৱিকা আৰু সিহঁতৰ বাসস্থান তথা সিহঁতৰ মৃত্যুবৰণ কৰা ঠাই সম্পৰ্কে বিশদ বৰ্ণনা স্পষ্ট কিতাপত উল্লেখ আছে অৰ্থাৎ লাওহে মাহফুজত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক