ছূৰা 11 · জুজ 11
Hud · 11:5
أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।
তাফছীৰ
শুনা! দৰাচলতে মুশ্বৰিকসকলে নিজৰ বুকু জপাই ৰাখে, যাতে সিহঁতে নিজৰ বুকুত থকা সন্দেহক আল্লাহৰ পৰা গোপন কৰিব পাৰে, সিহঁত এই বিষয়ে অনভিজ্ঞ কাৰণে এনেকুৱা কৰে। জানি থোৱা! সিহঁতে যে কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেই বিষয়ে আল্লাহ অৱগত। নিশ্চয় তেওঁ অন্তৰৰ গোপন বিষয়ে সম্যক অৱগত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক