ছূৰা 11 · জুজ 12

Hud · 11:37

وَاصْنَعِ الْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا وَلَا تُخَاطِبْنِي فِي الَّذِينَ ظَلَمُوا ۚ إِنَّهُمْ مُغْرَقُونَ

‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাওঁ নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।

তাফছীৰ

এতেকে আপুনি আমাৰ চকুৰ সন্মুখত আমাৰ সুৰক্ষা বেষ্টনীৰ মাজত থাকি, নাও নিৰ্মাণ সম্পৰ্কীয় অহীৰ অনুসৰণ কৰি এখন নাও বনাওক। আৰু যিসকলে কুফুৰী কৰি নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতক অৱকাশ দিয়াৰ কথা আপুনি মোৰ ওচৰত উত্থাপন নকৰিব। সিহঁত নিশ্চিতৰূপে তুফানৰ জৰিয়তে ধ্বংস হ'ব। এয়া হৈছে কুফুৰীৰ ওপৰত সিহঁতৰ অটল থকাৰ পৰিণাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক