ছূৰা 11 · জুজ 12

Hud · 11:16

أُولَٰئِكَ الَّذِينَ لَيْسَ لَهُمْ فِي الْآخِرَةِ إِلَّا النَّارُ ۖ وَحَبِطَ مَا صَنَعُوا فِيهَا وَبَاطِلٌ مَا كَانُوا يَعْمَلُونَ

ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।

তাফছীৰ

এনেকুৱা তুচ্ছ আশা পোষণ কৰা ব্যক্তিসকলৰ বাবে ক্বিয়ামতৰ দিনা জাহান্নামৰ বাহিৰে আন কোনো প্ৰতিফল নাথাকিব, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ কৰ্মৰ পূণ্যসমূহ বিনষ্ট হ'ব, তথা সিহঁতে কৰা কৰ্মসমূহ ব্যৰ্থ হ'ব। কাৰণ পৃথিৱীত সিহঁতৰ ঈমান ঠিক নাছিল আৰু সিহঁতৰ উদ্দেশ্যও ঠিক নাছিল। সৎকৰ্মৰ জৰিয়তে সিহঁতে আল্লাহৰ সন্তুষ্টি বিচৰা নাছিল আৰু আখিৰাতৰ প্ৰতিদানো কামনা কৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক