ছূৰা 11 · জুজ 12
Hud · 11:14
فَإِلَّمْ يَسْتَجِيبُوا لَكُمْ فَاعْلَمُوا أَنَّمَا أُنْزِلَ بِعِلْمِ اللَّهِ وَأَنْ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَهَلْ أَنْتُمْ مُسْلِمُونَ
এতেকে সিহঁতে যদি তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?
তাফছীৰ
যদি সিহঁত অপাৰগ হয় আৰু তোমালোকৰ দাবী পূৰণ কৰিব নোৱাৰে, তেন্তে হে মুমিনসকল! জানি থোৱা, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত কোৰআন জানি বুজি দৃঢ় জ্ঞানৰ সৈতে অৱতীৰ্ণ কৰিছে। এয়া মানৱ ৰচিত নহয়। আৰু এইটোও জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে এইবোৰ অকাট্য যুক্তি প্ৰমাণৰ পিছত তোমালোক আল্লাহৰ আনুগত্য কৰিবলৈ সাজু নে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক