ছূৰা 10 · জুজ 11

Yunus · 10:98

فَلَوْلَا كَانَتْ قَرْيَةٌ آمَنَتْ فَنَفَعَهَا إِيمَانُهَا إِلَّا قَوْمَ يُونُسَ لَمَّا آمَنُوا كَشَفْنَا عَنْهُمْ عَذَابَ الْخِزْيِ فِي الْحَيَاةِ الدُّنْيَا وَمَتَّعْنَاهُمْ إِلَىٰ حِينٍ

এতেকে কোনো এটা জনপদবাসী কিয় এনেকুৱা নহ’ল যিসকলে ঈমান আনিলে হয় আৰু সিহঁতৰ ঈমান সিহঁতৰ উপকাৰত আহিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, সিহঁতে যেতিয়া ঈমান আনিলে তেতিয়া আমি সিহঁতৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিলো আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।

তাফছীৰ

আমি ৰাছুল প্ৰেৰণ কৰা এনেকুৱা কোনো জনবসতি নাই, যি জনবসতিয়ে শাস্তি প্ৰত্যক্ষ কৰি ঈমান আনিছে আৰু সিহঁতৰ ঈমানে কোনো উপকাৰ সাধিছে, কিন্তু ইউনুছ আলাইহিছ ছালামৰ সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। কিয়নো তেওঁলোকে যেতিয়া সঁচা ঈমান পোষণ কৰিছিল তেতিয়া আমি তেওঁলোকৰ ওপৰৰ পৰা পাৰ্থিৱ জীৱনৰ অপমান আৰু তিৰস্কাৰমূলক শাস্তি উঠাই লৈছিলো। আৰু তেওঁলোকক মৃত্যু পৰ্যন্ত পাৰ্থিৱ জীৱনৰ সামগ্ৰীৰ দ্বাৰা উপকৃত হোৱাৰ অৱকাশ দিছিলো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক