ছূৰা 10 · জুজ 11
Yunus · 10:97
وَلَوْ جَاءَتْهُمْ كُلُّ آيَةٍ حَتَّىٰ يَرَوُا الْعَذَابَ الْأَلِيمَ
যদিও সিহঁতৰ ওচৰত সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখা লৈকে (ঈমান পোষণ নকৰিব)।
তাফছীৰ
যদিও সিহঁতৰ ওচৰত চৰীয়তি আৰু পাৰ্থিৱ সকলো ধৰণৰ নিদৰ্শন আহি পৰে (তথাপিও সিহঁতে ঈমান পোষণ নকৰিব)। কিন্তু কষ্টদায়ক শাস্তি নিজ চকুৰে দেখিলেহে সিহঁতে ঈমান পোষণ কৰিব, অথচ সেই সময়ৰ ঈমানে সিহঁতক কোনো উপকাৰ নকৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক