ছূৰা 10 · জুজ 11

Yunus · 10:88

وَقَالَ مُوسَىٰ رَبَّنَا إِنَّكَ آتَيْتَ فِرْعَوْنَ وَمَلَأَهُ زِينَةً وَأَمْوَالًا فِي الْحَيَاةِ الدُّنْيَا رَبَّنَا لِيُضِلُّوا عَنْ سَبِيلِكَ ۖ رَبَّنَا اطْمِسْ عَلَىٰ أَمْوَالِهِمْ وَاشْدُدْ عَلَىٰ قُلُوبِهِمْ فَلَا يُؤْمِنُوا حَتَّىٰ يَرَوُا الْعَذَابَ الْأَلِيمَ

মুছাই ক’লে, ‘হে আমাৰ ৰব! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ ৰব! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা ভ্ৰষ্ট কৰে। হে আমাৰ ৰব! সিহঁতৰ সম্পদ বিনষ্ট কৰা, আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিয়া, ফলত সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰা লৈকে ঈমান পোষণ নকৰিব’।

তাফছীৰ

মূছা আলাইহিছ ছালামে প্ৰাৰ্থনা কৰি ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলক পাৰ্থিৱ জীৱনৰ মূল্যৱান সম্পদ আৰু ভোগ ও শোভা-সামগ্ৰী প্ৰদান কৰিছা আৰু সিহঁতক পৃথিৱীত ধন-সম্পত্তি প্ৰদান কৰিছা, তথাপিও সিহঁতে তুমি প্ৰদান কৰা নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা নাই। আনকি ইয়াৰ দ্বাৰা সিহঁতে মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰিছে। হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ ধন-সম্পদ ধ্বংস কৰি দিয়া। আৰু সিহঁতৰ অন্তৰ কঠোৰ বনাই দিয়া, যাতে সিহঁতে কঠিন শাস্তি নিজ চকুৰে নেদেখালৈকে ঈমান পোষণ নকৰে, যি সময়ত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো উপকাৰ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক