ছূৰা 10 · জুজ 11
Yunus · 10:87
وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ وَأَخِيهِ أَنْ تَبَوَّآ لِقَوْمِكُمَا بِمِصْرَ بُيُوتًا وَاجْعَلُوا بُيُوتَكُمْ قِبْلَةً وَأَقِيمُوا الصَّلَاةَ ۗ وَبَشِّرِ الْمُؤْمِنِينَ
আমি মুছা আৰু তেওঁৰ ভাতৃৰ ওচৰত অহী প্ৰেৰণ কৰিলো যে, ‘মিচৰত তোমাৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ তৈয়াৰ কৰা আৰু তোমালোকৰ ঘৰবোৰক ‘কিবলা’ তথা ইবাদতৰ স্থান কৰি লোৱা, আৰু ছালাত কায়েম কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া’।
তাফছীৰ
আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাচ্ছালামক অহীৰ জৰিয়তে নিৰ্দেশ দিছিলোঁ যে, তোমালোকে নিজ সম্প্ৰদায়ৰ বাবে কেৱল আল্লাহৰ ইবাদত কৰিবলৈ মিচৰত কিছুমান ঘৰ নিৰ্মাণ কৰা, যিবোৰৰ দিশ কিব্লা (বাইতুল মাক্বদিছ) অভিমুখে ৰাখিবা। আৰু পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰিবা। তথা হে মূছা! আপুনি মুমিনসকলক এই আনন্দদায়ক শুভসংবাদ দিয়ক যে, আল্লাহে তেওঁলোকক সহায় কৰিব, তেওঁলোকক সমৰ্থন কৰিব, তেওঁলোকৰ শত্ৰুক ধ্বংস কৰি তেওঁলোকক পৃথিৱীত উত্তৰাধিকাৰী বনাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক