ছূৰা 10 · জুজ 11
Yunus · 10:78
قَالُوا أَجِئْتَنَا لِتَلْفِتَنَا عَمَّا وَجَدْنَا عَلَيْهِ آبَاءَنَا وَتَكُونَ لَكُمَا الْكِبْرِيَاءُ فِي الْأَرْضِ وَمَا نَحْنُ لَكُمَا بِمُؤْمِنِينَ
সিহঁতে ক’লে, ‘আমি আমাৰ পিতৃ পুৰুষসকলক য’ত পাইছো তুমি তাৰ পৰা আমাক বিচ্যুত কৰাৰ বাবে আমাৰ ওচৰলৈ আহিছা নেকি আৰু যাতে পৃথিৱীত তোমালোক দুজনৰ প্ৰতিপত্তি হয় তাৰ বাবে আহিছা নেকি? আমি তোমালোক উভয়কে বিশ্বাস নকৰো’।
তাফছীৰ
ফিৰআউনৰ সম্প্ৰদায়ে মূছা আলাইহিছ ছালামক এই বুলি উত্তৰ দিলে যে, তোমালোকে এই যাদু লৈ আমাৰ ওচৰত এই কাৰণে আহিছা, যাতে তোমালোকে আমাক আমাৰ সেই ধৰ্মৰ পৰা আঁতৰাব পাৰা যি ধৰ্মত আমি আমাৰ আজুককাসকলক পাইছিলো, আৰু যাতে তুমি আৰু তোমাৰ ভাতৃয়ে ৰাজত্ব লাভ কৰিব পাৰা? হে মূছা আৰু হাৰূন! দৰাচলতে আমি এইটো কেতিয়াও স্বীকাৰ নকৰো যে, তোমালোকক আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰা হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক