ছূৰা 10 · জুজ 11
Yunus · 10:77
قَالَ مُوسَىٰ أَتَقُولُونَ لِلْحَقِّ لَمَّا جَاءَكُمْ ۖ أَسِحْرٌ هَٰذَا وَلَا يُفْلِحُ السَّاحِرُونَ
মুছাই ক’লে, ‘সত্য যিহেতু তোমালোকৰ ওচৰত আহিল এতিয়া তোমালোকে এইদৰে (যাদু বুলি) কৈ আছা? এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়’।
তাফছীৰ
মূছা আলাইহিছ ছালামে তেতিয়া সিহঁতক নিন্দা কৰি ক'লেঃ তোমালোকৰ ওচৰত সত্য অহাৰ পিছত সেইটোক তোমালোকে যাদু বুলি কৈ আছা? কেতিয়াও নহয়, এয়া যাদু নহয়। মই ভালদৰে জানো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। তেন্তে মই কিয় এনেকুৱা পন্থাত লিপ্ত হ'ম?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক