ছূৰা 10 · জুজ 11
Yunus · 10:67
هُوَ الَّذِي جَعَلَ لَكُمُ اللَّيْلَ لِتَسْكُنُوا فِيهِ وَالنَّهَارَ مُبْصِرًا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَسْمَعُونَ
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহু নিদৰ্শন।
তাফছীৰ
হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে ৰাতি বনাইছে যাতে তোমালোকে ভাগৰ, আমনি আৰু ক্লান্তিৰ পৰা বিশ্ৰাম লব পাৰা। আৰু দিন বনাইছে আলোকময় যাতে তোমালোকে জীৱনোপকৰণৰ বাবে লাভদায়ক বস্তুৰ সন্ধান কৰিব পাৰা। নিশ্চয় ইয়াত সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে মানিবলৈ আৰু গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক