ছূৰা 10 · জুজ 11

Yunus · 10:66

أَلَا إِنَّ لِلَّهِ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ ۗ وَمَا يَتَّبِعُ الَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ شُرَكَاءَ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ

জানি থোৱা! নিশ্চয় যিসকলে আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰ অনুসৰণ কৰে আৰু সিহঁত কেৱল মিছা কথাহে কয়।

তাফছীৰ

জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৰে একমাত্ৰ মালিক আল্লাহ তাআলা। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰি আছে, সিহঁতে দৰাচলতে কাৰ অনুসৰণ কৰি আছে, প্ৰকৃততে সিহঁতে ভ্ৰম আৰু সন্দেহ-সংশয়ৰহে অনুসৰণ কৰি আছে। লগতে সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি কেৱল মিছা আৰোপ কৰি আছে। নিশ্চয় আল্লাহ সিহঁতৰ এই অবান্তৰ কথাৰ পৰা অতি উচ্চ আৰু মহান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক