ছূৰা 10 · জুজ 11

Yunus · 10:46

وَإِمَّا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا مَرْجِعُهُمْ ثُمَّ اللَّهُ شَهِيدٌ عَلَىٰ مَا يَفْعَلُونَ

আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, তথাপিও সিহঁত আমাৰ ওচৰতেই উভতি আহিব লাগিব; তদুপৰি সিহঁতে যি কৰে আল্লাহেই তাৰ সাক্ষী।

তাফছীৰ

হে ৰাছুল! আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, তাৰে কিছু অংশ যদি আমি আপোনাক আপোনাৰ মৃত্যুৰ পূৰ্বেই দেখুৱাই দিওঁ অথবা তাৰ পূৰ্বেই আপোনাক মৃত্যু দিওঁ, তেন্তে দুয়ো অৱস্থাতেই সিহঁত আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। সিহঁত যি যি কৰি আছে, সেই সকলো বিষয়ে আল্লাহ অৱগত। আল্লাহৰ পৰা কোনো বিষয় গোপন নহয়। অতিশীঘ্ৰেই তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক