ছূৰা 10 · জুজ 11

Yunus · 10:45

وَيَوْمَ يَحْشُرُهُمْ كَأَنْ لَمْ يَلْبَثُوا إِلَّا سَاعَةً مِنَ النَّهَارِ يَتَعَارَفُونَ بَيْنَهُمْ ۚ قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ وَمَا كَانُوا مُهْتَدِينَ

আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব (সেই দিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত) কেৱল সিহঁতৰ অৱস্থিতি দিনৰ মুহুৰ্ত্তকাল মাত্ৰ আছিল; সিহঁতে পৰস্পৰক চিনি পাব। অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতৰ বিষয়ে মিছা আৰোপ কৰিছে আৰু সিহঁত সৎপথ প্ৰাপ্ত নাছিল।

তাফছীৰ

ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে মানুহক হিচাপ-কিতাপৰ বাবে একত্ৰিত কৰিব, তেতিয়া সিহঁতৰ এনেকুৱা লাগিব যে, পৃথিৱীত আৰু কবৰত সিহঁতে কেৱল দিনৰ কিছু অংশহে অতিবাহিত কৰিছিল, ইয়াতকৈ বেছি নহয়। তাত ইজনে সিজনক চিনি পাব। কিন্তু ক্বিয়ামত দিৱসৰ কঠিন ভয়াৱহতাৰ ফলত সিহঁতৰ পৰিচয় সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। প্ৰকৃততে সেইসকল লোক ক্ষতিগ্ৰস্ত হৈছে যিসকলে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰিছে। পৃথিৱীত সিহঁতে পুনৰুত্থানকো বিশ্বাস কৰা নাছিল যে, ক্ষতিগ্ৰস্ততাৰ পৰা ৰক্ষা পাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক