ছূৰা 10 · জুজ 11

Yunus · 10:37

وَمَا كَانَ هَٰذَا الْقُرْآنُ أَنْ يُفْتَرَىٰ مِنْ دُونِ اللَّهِ وَلَٰكِنْ تَصْدِيقَ الَّذِي بَيْنَ يَدَيْهِ وَتَفْصِيلَ الْكِتَابِ لَا رَيْبَ فِيهِ مِنْ رَبِّ الْعَالَمِينَ

আৰু এই কোৰআন আল্লাহৰ বাহিৰে আন কাৰো ৰচনা হোৱা সম্ভৱ নহয়। বৰং ইয়াৰ আগত যি অৱতীৰ্ণ হৈছে এইটো তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যা। ইয়াত কোনো সন্দেহ নাই যে, এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (অৱতীৰ্ণ)।

তাফছীৰ

এই কোৰআন এনেকুৱা কোনো কিতাপ নহয় যাক মানুহে বনোৱা সম্ভৱ, লগতে আল্লাহৰ বাহিৰে আনৰ লগত ইয়াক সম্পৃক্ত কৰাও উচিত নহয়, কিয়নো মানুহে ইয়াৰ অনুৰূপ কোনো পুথি লিখা সম্ভৱ নহয়। প্ৰকৃততে এই কোৰআনে পূৰ্বে অৱতীৰ্ণ হোৱা কিতাপসমূহৰ সমৰ্থন কৰে আৰু সেই পুথিসমূহৰ বিধানৰ সংক্ষিপ্ত বিৱৰণ প্ৰস্তুত কৰে। ইয়াত কোনো সন্দেহ নাই যে, ই সৃষ্টিজগতৰ প্ৰতিপালক পৱিত্ৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা পুথি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক