ছূৰা 10 · জুজ 11
Yunus · 10:36
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَفْعَلُونَ
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
তাফছীৰ
মুশ্বৰিকসকলৰ অধিকাংশই এনেকুৱা বিষয়ৰ অনুসৰণ কৰে, যি বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল ভ্ৰম আৰু সন্দেহৰ অনুসৰণ কৰি আছে। এতেকে এই কথা নিশ্চিত যে, সন্দেহে কেতিয়াও জ্ঞানৰ স্থান লব নোৱাৰে, আনকি জ্ঞানৰ পৰা অমুখাপেক্ষীও কৰিব নোৱাৰে। সিহঁতে যি কৰিছে নিশ্চয় আল্লাহ সেই সম্পৰ্কে অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক