ছূৰা 10 · জুজ 11
Yunus · 10:28
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا مَكَانَكُمْ أَنْتُمْ وَشُرَكَاؤُكُمْ ۚ فَزَيَّلْنَا بَيْنَهُمْ ۖ وَقَالَ شُرَكَاؤُهُمْ مَا كُنْتُمْ إِيَّانَا تَعْبُدُونَ
আৰু যিদিনা আমি সিহঁত সকলোকে একত্ৰিত কৰি মুশ্বৰিকসকলক সুধিম, ‘তোমালোকে আৰু তোমালোকে যিসকলক অংশী কৰিছিলা সিহঁত (আটায়ে) নিজ নিজ স্থানত অৱস্থান কৰা’; তাৰ পিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম আৰু সিহঁতে যিবোৰক অংশী কৰিছিল সিহঁতে ক’ব, ‘তোমালোকে আমাৰ ইবাদত কৰা নাছিলা’।
তাফছীৰ
হে ৰাছুল! আপুনি ক্বিয়ামত দিৱসক স্মৰণ কৰক, যেতিয়া আমি সকলো সৃষ্টিক একত্ৰিত কৰিম। তেতিয়া আমি সেইসকল লোকক কম যিসকলে পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছিল, হে মুশ্বৰিকসকল! তোমালোক আৰু তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোৱে নিজ নিজ স্থানত অৱস্থান কৰা, তেতিয়া আমি উপাসনাকাৰী আৰু উপাস্যবোৰৰ মাজত তফাৎ সৃষ্টি কৰিম। ফলত উপাস্যবোৰে এই বুলি কৈ নিজকে আঁতৰাই আনিব যে, তোমালোকে পৃথিৱীত আমাৰ উপাসনাই কৰা নাছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক