ছূৰা 10 · জুজ 11

Yunus · 10:27

وَالَّذِينَ كَسَبُوا السَّيِّئَاتِ جَزَاءُ سَيِّئَةٍ بِمِثْلِهَا وَتَرْهَقُهُمْ ذِلَّةٌ ۖ مَا لَهُمْ مِنَ اللَّهِ مِنْ عَاصِمٍ ۖ كَأَنَّمَا أُغْشِيَتْ وُجُوهُهُمْ قِطَعًا مِنَ اللَّيْلِ مُظْلِمًا ۚ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ

আৰু যিসকলে বেয়া কাম কৰে, প্ৰতিটো বেয়া কামৰ প্ৰতিদান হ’ব সেই অনুপাতেই আৰু হীনতাই সিহঁতক আচ্ছন্ন কৰিব; আল্লাহৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাই; সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব।

তাফছীৰ

যিসকলে কুফৰ তথা পাপকৰ্মৰ দৰে অপকৰ্ম কৰিছে, সিহঁতে কৰা অপকৰ্মৰ প্ৰতিদান স্বৰূপে সিহঁতে আল্লাহৰ ওচৰত সেই অনুপাতেই শাস্তি ভোগ কৰিব। সিহঁতৰ চেহেৰাক তিৰস্কাৰ আৰু অপমানে আচ্ছন্ন কৰিব। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিব, তেতিয়া কোনেও সিহঁতক তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, এনেকুৱা লাগিব যেনিবা সিহঁতৰ মুখমণ্ডলত অন্ধকাৰ ৰাতিৰ এন্ধাৰে বেৰি ধৰিছে, কাৰণ সিহঁতক জাহান্নামৰ ধোঁৱা আৰু অন্ধকাৰে আৱৰি ৰাখিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকল হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক