ছূৰা 10 · জুজ 11

Yunus · 10:22

هُوَ الَّذِي يُسَيِّرُكُمْ فِي الْبَرِّ وَالْبَحْرِ ۖ حَتَّىٰ إِذَا كُنْتُمْ فِي الْفُلْكِ وَجَرَيْنَ بِهِمْ بِرِيحٍ طَيِّبَةٍ وَفَرِحُوا بِهَا جَاءَتْهَا رِيحٌ عَاصِفٌ وَجَاءَهُمُ الْمَوْجُ مِنْ كُلِّ مَكَانٍ وَظَنُّوا أَنَّهُمْ أُحِيطَ بِهِمْ ۙ دَعَوُا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ لَئِنْ أَنْجَيْتَنَا مِنْ هَٰذِهِ لَنَكُونَنَّ مِنَ الشَّاكِرِينَ

তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰি অনুকূল বতাহত আনন্দ উল্লাসেৰে ভ্ৰমণ কৰা আৰু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে আৰু সিহঁতে (আৰোহণকাৰীসকলে) নিশ্চিত ধাৰণা কৰে যে, সিহঁত পৰিবেষ্টিত হৈছে, তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

তাফছীৰ

হে মানৱজাতি! আল্লাহেই তোমালোকক স্থলত খোজকঢ়াৰ আৰু বাহনত উঠি চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰে, আৰু তেৱেঁই তোমালোকক সাগৰত জাহাজৰ জৰিয়তে চলাফুৰা কৰায়। যেতিয়া তোমালোক সাগৰত জাহাজৰ মাজত থাকা, আৰু জাহাজ সুন্দৰ বতাহৰ মাজত গমন কৰে, তেতিয়া আৰোহীসকল আনন্দিত হৈ পৰে। এই আনন্দৰ মাজতেই যেতিয়া প্ৰবল ধুমুহা আহে আৰু চাৰিওফালৰ পৰা সাগৰৰ ঢেউৱে সিহঁতক চোঁচা লয় আৰু সিহঁত নিশ্চিত হৈ পৰে যে এতিয়া আৰু ৰক্ষা নাই। তেতিয়া সিহঁত কেৱল এক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰে, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। আৰু কয়ঃ তুমি যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰা তেন্তে আমি তোমাৰ এই অনুগ্ৰহত অৱশ্যে কৃতজ্ঞতা জ্ঞাপন কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক