ছূৰা 10 · জুজ 11

Yunus · 10:21

وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُمْ إِذَا لَهُمْ مَكْرٌ فِي آيَاتِنَا ۚ قُلِ اللَّهُ أَسْرَعُ مَكْرًا ۚ إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ

আৰু দুখ-দন্যই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়া আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰে। কোৱা, ‘আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত’। তোমালোকে যি অপকৌশল কৰা নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেয়া লিখি ৰাখে।

তাফছীৰ

যেতিয়া আমি মুশ্বৰিকসকলক দুৰ্ভিক্ষ আৰু বিপদ-আপদৰ পিছত বৰষুণ আৰু সেউজীয়া পথাৰৰ সোৱাদ দিওঁ, তেতিয়া সিহঁতে আমাৰ নিদৰ্শনসমূহক লৈ উপহাস কৰে আৰু সেইবোৰক অস্বীকাৰ কৰে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ উপায় অতি তীব্ৰ, আৰু তেওঁ তোমালোকক অৱকাশ দিয়াৰ ক্ষেত্ৰত আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰতো ক্ষীপ্ৰতৰ। নিশ্চয় তোমালোকে যিবোৰ চক্ৰান্ত কৰি আছা, সেইবোৰ নিয়োজিত ফিৰিস্তাসকলে লিখি আছে। তেওঁলোকৰ পৰা কোনো বিষয় এৰা নপৰে, তেন্তে তেওঁলোকৰ সৃষ্টিকৰ্তাৰ পৰা কেনেকৈ এৰা পৰিব? আল্লাহে অৱশ্যে তোমালোকক তোমালোকৰ চক্ৰান্তৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক