وَالشَّمْسِ وَضُحَاهَا1
শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
وَالْقَمَرِ إِذَا تَلَاهَا2
শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,
وَالنَّهَارِ إِذَا جَلَّاهَا3
দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে,
وَاللَّيْلِ إِذَا يَغْشَاهَا4
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
وَالسَّمَاءِ وَمَا بَنَاهَا5
শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
وَالْأَرْضِ وَمَا طَحَاهَا6
পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
وَنَفْسٍ وَمَا سَوَّاهَا7
শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَاهَا8
তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে,
قَدْ أَفْلَحَ مَنْ زَكَّاهَا9
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
وَقَدْ خَابَ مَنْ دَسَّاهَا10
আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
كَذَّبَتْ ثَمُودُ بِطَغْوَاهَا11
ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।
إِذِ انْبَعَثَ أَشْقَاهَا12
যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল,
فَقَالَ لَهُمْ رَسُولُ اللَّهِ نَاقَةَ اللَّهِ وَسُقْيَاهَا13
তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُمْ بِذَنْبِهِمْ فَسَوَّاهَا14
কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।
وَلَا يَخَافُ عُقْبَاهَا15
আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।