ছূৰা 91 · জুজ 30

Ash-Shams · 91:14

فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُمْ بِذَنْبِهِمْ فَسَوَّاهَا

কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।

তাফছীৰ

সিহঁতে উটজনীৰ ক্ষেত্ৰত সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু সিহঁতৰ এজন হতভাগ্য ব্যক্তিয়ে সিহঁতৰ সহমতত উটজনীক হত্যা কৰিছিল। যিহেতু এই পাপত সকলোৱে লিপ্ত আছিল। গতিকে আল্লাহ তাআলাই সিহঁত সকলোৰে প্ৰতি শাস্তি প্ৰেৰণ কৰিছিল আৰু সিহঁতক সিহঁতৰ পাপৰ নিমিত্তে এক তীব্ৰ শব্দৰ জৰিয়তে ধ্বংস কৰি দিছিল আৰু শাস্তিৰ ক্ষেত্ৰত সকলোকে সমপৰ্যায়ত ৰাখিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক