الأسامية
سورة النساء · 4:127
وَيَسْتَفْتُونَكَ فِي النِّسَاءِ ۖ قُلِ اللَّهُ يُفْتِيكُمْ فِيهِنَّ وَمَا يُتْلَىٰ عَلَيْكُمْ فِي الْكِتَابِ فِي يَتَامَى النِّسَاءِ اللَّاتِي لَا تُؤْتُونَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُونَ أَنْ تَنْكِحُوهُنَّ وَالْمُسْتَضْعَفِينَ مِنَ الْوِلْدَانِ وَأَنْ تَقُومُوا لِلْيَتَامَىٰ بِالْقِسْطِ ۚ وَمَا تَفْعَلُوا مِنْ خَيْرٍ فَإِنَّ اللَّهَ كَانَ بِهِ عَلِيمًا
আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু ইয়াতীম সম্পৰ্কে যিসকলৰ প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিব বিচৰা আৰু অসহায় শিশুসকলৰ বিষয়ে লগতে ইয়াতীমসকলৰ প্ৰতি তোমালোকৰ ন্যায় বিচাৰ সম্পৰ্কে যিবোৰ পুথিৰ পৰা তোমালোকক শুনোৱা হয়, আৰু পৰিষ্কাৰভাৱে জনাই দিয়ে’। আৰু যিকোনো সৎকৰ্ম তোমালোকে কৰা নিশ্চয় সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।