Assamese
Al-An'am · 6:31
قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمُ السَّاعَةُ بَغْتَةً قَالُوا يَا حَسْرَتَنَا عَلَىٰ مَا فَرَّطْنَا فِيهَا وَهُمْ يَحْمِلُونَ أَوْزَارَهُمْ عَلَىٰ ظُهُورِهِمْ ۚ أَلَا سَاءَ مَا يَزِرُونَ
যিসকলে আল্লাহৰ সাক্ষাৎ অস্বীকাৰ কৰিছে সিহঁতে নিশ্চয় ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰত যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলো তাৰ বাবে এতিয়া আফচোচ’। আৰু সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!