Al-Mukhtasar (Assamese)

Muhammad · 47:21

طَاعَةٌ وَقَوْلٌ مَعْرُوفٌ ۚ فَإِذَا عَزَمَ الْأَمْرُ فَلَوْ صَدَقُوا اللَّهَ لَكَانَ خَيْرًا لَهُمْ

আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে যেতিয়া সিদ্ধান্ত চূড়ান্ত হয়, তেতিয়া যদি সিহঁতে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লেহেঁতেন।
সিহঁতে আল্লাহৰ আনুগত্য কৰিব লাগিছিল আৰু উত্তম কথা ক’ব লাগিছিল, এইটোৱে তেওঁলোকৰ পক্ষে কল্যাণকৰ আছিল। এতেকে যেতিয়া যুদ্ধ অনিবাৰ্য কৰা হৈছিল, তেতিয়া যদি সিহঁতে সঠিক ঈমানৰ বহিঃপ্ৰকাশ কৰিলেহেঁতেন তথা আল্লাহৰ আনুগত্য কৰিলেহেঁতেন তেন্তে নিশ্চয় এইটো সিহঁতৰ বাবে নিফাক আৰু আল্লাহৰ অৱজ্ঞাৰ পৰা শত গুণে উত্তম হ’লহেঁতেন।

47:21 · Al-Mukhtasar (Assamese)

თაფსირი თქვენს ენაზე

თაფსირები არაბულად

თარგმანი

მოსმენა