Al-Mukhtasar (Assamese)

Az-Zumar · 39:21

أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَلَكَهُ يَنَابِيعَ فِي الْأَرْضِ ثُمَّ يُخْرِجُ بِهِ زَرْعًا مُخْتَلِفًا أَلْوَانُهُ ثُمَّ يَهِيجُ فَتَرَاهُ مُصْفَرًّا ثُمَّ يَجْعَلُهُ حُطَامًا ۚ إِنَّ فِي ذَٰلِكَ لَذِكْرَىٰ لِأُولِي الْأَلْبَابِ

তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে তাৰ পিছত সেইটোৰ জৰিয়তে নানা ধৰণৰ ফচল উৎপন্ন কৰে, অৱশেষত সেয়া শুকাই যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰ্ণত দেখিবলৈ পোৱা, শেষত তেওঁ সেইটোক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।
সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰ পিছত সেই পানীৰে তেওঁ বিভিন্ন বৰণৰ খেতি উৎপন্ন কৰে। অৱশেষত সেই শস্য পকি যায়। হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্য এটা সময়ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকুটাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰদ, যিসকল জীৱিত অন্তৰৰ অধিকাৰী।

39:21 · Al-Mukhtasar (Assamese)

თაფსირი თქვენს ენაზე

თაფსირები არაბულად

თარგმანი

მოსმენა