ছূৰা 90 · জুজ 30
Al-Balad · 90:17
ثُمَّ كَانَ مِنَ الَّذِينَ آمَنُوا وَتَوَاصَوْا بِالصَّبْرِ وَتَوَاصَوْا بِالْمَرْحَمَةِ
তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;
তাফছীৰ
তাৰ পিছত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হব যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু এজনে আনজক সত্কৰ্মৰ প্ৰতি অটুট থাকিবলৈ আৰু পাপ কামৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথা এজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতি দয়া কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক