ছূৰা 9 · জুজ 11
At-Tawbah · 9:97
الْأَعْرَابُ أَشَدُّ كُفْرًا وَنِفَاقًا وَأَجْدَرُ أَلَّا يَعْلَمُوا حُدُودَ مَا أَنْزَلَ اللَّهُ عَلَىٰ رَسُولِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আ’ৰাব বা মৰুবাসীসকল কুফৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ অধিক উপযোগী; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
তাফছীৰ
গাৱঁলীয়া মানুহে যদি কুফুৰী কৰে বা নিফাক ৰাখে তেন্তে সিহঁতৰ কুফৰ চহৰীয়া লোকতকৈ অধিক দৃঢ়তৰ হ'ব। লগতে সিহঁতৰ নিফাকো আন আন লোকতকৈ অধিক ঘাতক হ'ব। কাৰণ সিহঁত দ্বীন সম্পৰ্কে নজনাটোৱে স্বভাৱিক। লগতে ফাৰাইজ, ছুনান আৰু আন আন বিধি-বিধান যিবোৰ ৰাছুল ওপৰত অৱতীৰ্ণ হৈছে সেইবোৰ সম্পৰ্কেও জ্ঞান নথকাটো স্বভাৱিক। কিয়নো সিহঁত ৰূঢ়, কঠোৰ আৰু মানুহৰ লগত মেল-মিলাপ নাথাকে। নিশ্চয় আল্লাহ সিহঁতৰ অৱস্থা সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ব্যৱস্থাপনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক